Posts

steam curd

Image
caramel #steam #curd   4 চামুচ চেনী ৰ লগত অকণমান পানী দি পেন ত লৰাই থাকিলোঁ ৰং change নোহোৱালৈ।তাৰ পিছত গেছ অফ কৰি আধা কাপ গৰম গাখীৰ অলপ অলপ কৈ লৰাই থৈ দিলোঁ।পিছত এক কাপ ঘন দৈ ৰ লগত এক কাপ ৰ কম মিল্কমাইড আৰু caramelised গাখীৰ খিনি দি  আটাইখিনি মিক্সিত দি ভালদৰে মিহলাই লৈ পিছত বৌল ত ঢালি লৈ steam কৰিলোঁ।

poori

Image
#pumpkin #poori    এক কাপ সৰু টুকুৰা কৰি লোৱা ৰঙালাও অলপ সিজাই ললোঁ।পিছত তাত কাটি লোৱা ধনীয়া পাত chilli flakes আৰু জিৰা দি পিটিকি ললোঁ।ডেৰ কাপ আটা ৰ লগত নিমখ,অলপ ৰিফাইন আৰু ৰঙালাও পিটিকা খিনি দি ভালদৰে মাৰি ললোঁ।তাৰ পিছত বল বনাই বেলি ৰিফাইন ত ভাজিলোঁ।

paneer

Image
#white #paneer #korma   দুটা টুকুৰা কৰি কাটি লোৱা পিয়াজ, আদা অকণমান,কেইফুট মান নহৰু,দুটা জলকীয়া,অকণমান জীৰা আৰু গোটা জালুক,ডালচিনি, ইলাচি আৰু 10 টা মান কাজু কুকাৰত দি ভালদৰে সিজাই ললোঁ।পিছত ঠাণ্ডা হোৱাত ডালচিনি ইলাচি খিনি আঁতৰাই আধা কাপ দৈ ৰ লগত বাকী খিনি বস্তু মিক্সিত মিহি কৈ পেষ্ট বনালো।পেন ত ঘি দি পেষ্ট টো ঢালি দিলোঁ।লৰাই নিমখ,এক চিকুত চেনি দিলোঁ।ঢাকোণী লগাই ৰাখিলো।অলপ পিছত উটলি অহাত গাখীৰ এক কাপ পানী অলপ পনীৰ 250 গ্রাম আৰু ইলাচি গুৰি অলপ দিলোঁ।পিছত ভালদৰে উটলি অহাত নমাই পিছত চেফৰণ গাখীৰ অলপ ওপৰত দি দিলোঁ।

Assamese pitha laddo

Image
১/কেটলি পিঠা ২/নাৰিকল দিয়া খোলা চাপৰি পিঠা ৩/কাটা নিমকি ৪/খুর্মা ৫/চেনী দিয়া নাৰিকল লাৰু ৬/গুৰ দিয়া নাৰিকল লাৰু ৭/চাউল ৰ গুৰি ৰ লাৰু ৮/বৰা চাউল আৰু তিল ৰ ঘিলা পিঠা

pitha

Image
তিল দি বনোৱা বৰা চাউল ৰ ঘিলা পিঠা।বনাব লৈছিলোঁ কিবা বনালো কিবা হে।   তিল ধুই ভাজি চেনী দি গুৰি কৰি লৈছিলোঁ মিক্সিত দি।আৰু বৰা চাউল ও মিক্সিত খুন্দি লৈছিলোঁ তিল পিঠা বনাবলৈ।কিন্তু মোৰ কালি পিঠা নুঠিল।সেয়েহে চাউল ৰ গুৰি ৰ লগত তিল গুৰি খিনি মিহলাই তাত অলপ নিমখ,চডা আৰু পানী মিহলাই আটা মৰা ৰ দৰে মাৰি লৈ পিছত লাৰু কৰি হাতেৰে চেপেটা কৰি তেল ত ভাজি ঘিলা পিঠা কে বনাই দিলোঁ।

Assamese jolpan

Image
 #কলা বৰা ৰ জলপান   বৰা চাউল ৰাতিয়েই পানী ত তিয়াই ৰাখি পিছত কুকাৰ ত অলপ নিমখ পানী দি সিজাই ললোঁ।পিছত দৈ ক্ৰীম দি পৰিবেশন কৰিলোঁ।

lunch plat

Image
১/উৰাদ ডাল পুৰি ২/বুট ৰ ডাইল ৩/কাশ্মিৰী দম আলু ৪/পদিনা চাটনি ৫/বিলাহী ৰ টক ৬/পনীৰ ফ্ৰাই ৭/দৈ মিঠাই