#dryfruits #malpoa #suji #halwa দুই কাপ ময়দা,এক চিকুত নিমখ,চেনী,চফ গুটি অলপ,কাটি লোৱা কাজু ,কিছমিছ, পিছটা , শুকান নাৰিকল এক কাপ আৰু বেকিং পাউদাৰ এক চামুচ ৰ কম দি ভালদৰে মিহলাই পিছত গাখীৰ দি পাতল ঘোল এটা বনাই 15 মিনিট মান ৰাখিলো।তাৰ পিছত কেৰাহীত ঘি গৰম কৰি এটা এটা কৈ মচলপোৱা কেইটা বনালো। আধা কাপ ঘি গৰম কৰি এক কাপ চুজি দি ভালদৰে ভাজিলোঁ।তাত কাজু অলপ দিলোঁ।ভালকৈ ভজা হোৱাত বীট ৰ ৰস ৰ সৈতে দুই কাপ পানী দিলোঁ।লৰাই লৰাই পানী শুকাই অহাত চেনী আধা কাপ দিলোঁ।লৰাই লৰাই আকৌ চেনী গলি শুকান হৈ অহাত নমাই ত্ৰে এখন ত ৰাখিলো।ঠাণ্ডা হোৱাত কাটি ললোঁ।
Comments
Post a Comment