sweet

#malai #chamcham
  আধা কাপ গৰম গাখীৰ অলপ বেছি চেফৰণ তিয়াই ৰাখিলো।আধা লিটাৰ ৰ বেছি গাখীৰ উতলাই আধা ৰ কম কৰিলোঁ।তাত অলপমান মিল্কমাইড ইলাচি গুৰি আৰু চেফৰণ গাখীৰ খিনি দিলোঁ।অলপ ঘন হোৱাৰ পিছত নমাই থলোঁ। ডেৰ লিটাৰ গাখীৰ উতলাই ভিনেগাৰ দি ফটা ই ললোঁ।চানা খিনি টোপোলা কৰি এক ঘণ্টা মান ৰাখি পিছত হাতেৰে ভালদৰে মথি ললোঁ।লাৰু বনাই চমচম ৰ আকাৰ দিলোঁ।এক কাপ চেনী ৰ লগত 5 কাপ পানী দিলোঁ।চেনী গলি পানী উটলি অহাত বল কেইটা দিলোঁ লগতে rose water অলপ দিলোঁ।full flame ত 10 মিনিট ৰাখি ঢাকোন লগাই দিলোঁ।পিছত আকৌ 10 মিনিট medum flame ত ৰাখি গেছ অফ কৰিলোঁ।20 মিনিট মান তেনেকৈ ৰাখি পিছত চেনী ৰ ৰস ৰ পৰা উঠাই গাখীৰ খিনি ত ডুবাই ৰাখিলো।ঠাণ্ডা হোৱাত পৰিবেশন কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat