sweet
#sweet #milkcake
3 লিটাৰ গাখীৰ উতলাই উতলাই 1 লিটাৰ ৰ কম কৰিলোঁ।তাৰ পিছত তাত 1/4 কাপ ভিনেগাৰ দিলোঁ।গাখীৰ খিনি তেতিয়া ফাটি গল।তাৰ পিছত ঘনাই ঘনাই লৰাই আছোঁ।অলপ ঘন হোৱাত এক কাপ 200 গ্ৰাম মান হব চেনী অলপ অলপ কৈ দি লৰাই আছোঁ।চেনী গলি অলপ পিছত আৰু ঘন হোৱাত এইবাৰ 1/4 কাপ মান ঘি অলপ অলপ কৈ দি লৰাই আছোঁ।লৰাই লৰাই শুকাই প্ৰায় অহাত নমাই ঘি লগোৱা পাত্ৰ এটা ত ৰাখি ঢাকোন লগাই ৰাখিলো।প্ৰায় 4 ঘণ্টা মান পিছত ঠাণ্ডা হোৱাত কাটি ললোঁ।
Comments
Post a Comment