sticky rice flour roll


#বৰা চাউল ৰ গুৰি দি বনোৱা ৰোল। তিনি কাপ কলা বৰা চাউল ৰ গুৰি ৰ লগত এক কাপ আটা আৰু অলপ নিমখ মিহলাই লৈ কুমহীয়া পানী অকণমান দি মাৰি ললোঁ।পিছত ৰিফাইন অলপ দি আকৌ মাৰি dough টো ৰেডি কৰিলোঁ।আলু সিজাই অলপ পিটিকি ললোঁ।পিয়াজ কেঁচা জলকীয়া কাটি ললোঁ।পেন ত ৰিফাইন অলপ দি পিয়াজ জলকীয়া দি অলপ ভাজিলোঁ।তাৰ পিছত আলু খিনি দিলোঁ।নিমখ হালধি আৰু pav vaji মছলা পাউদাৰ দিলোঁ।লৰাই পনীৰ অলপ দিলোঁ।আটাইখিনি ভজা হোৱাত ধনীয়া পাত কাটি দি নমাই থলোঁ।
  মাৰি থোৱা আটা ৰ ডাঙৰ লাৰু বনাই বেলি লৈ ঘি ত সেকি ললোঁ পৰাঠা ৰ দৰে।তাৰ পিছত নমাই cheese ৰুকি দিলোঁ আৰু মাজত আলু ৰ মিশ্ৰণ টো দি পকাই ৰোল বনাই দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat