Rice platter

।কাঁহী ত আছে-
১/বীট মটৰ পোলাও
২/পিয়াজ
৩/পনীৰ ফ্ৰাই(kFC style)
৪/মাচৰুম মালাই(white gravy)
   বীট মটৰ পোলাও ডেৰ কাপ কাপ জহা চাউল 15 মিনিট পানী ত তিয়াই ৰাখি পিছত পানী ৰ পৰা উঠাই ৰাখিলো।কেৰাহীত ঘি গৰম কৰি গোটা জীৰা লং ডালচিনি ইলাচি দিলোঁ।ধুনীয়া গোন্ধ ওলাই অহাত চাউল খিনি দিলোঁ।ভালদৰে ভাজি মটৰ এক কাপ দিলোঁ।তাৰ পিছত 3 কাপ গৰম পানী ঢালি ঢাকোন লগাই দিলোঁ পিছত চাউল প্ৰায় সিজি অহাত এটা বীট ৰুকি দি আকৌ ঢাকোন লগাই দিলোঁ।পিছত পানী একেবাৰে শুকাই অহাত লৰাই নমাই থলোঁ।
 পনীৰ ফ্ৰাই পনীৰ ফ্ৰাই ৰ ৰেচিপি আগত দিয়া আছে।
মাচৰুম মালাই মাচৰুম মাজেৰে কাটি দুফাল কৰিলোঁ।আদা নহৰু কেঁচা জলকীয়া কাজু পিয়াজ একেলগে মিক্সিত পিছি খুব মিহিকৈ পিছি ললোঁ।পিছত পেন ত বাটাৰ দি পেষ্ট তো দি কম জুইত ভাজিলোঁ।তাৰ পিছত দৈ অলপ ফেটি দিলোঁ।পিছত নিমখ আৰু মাচৰুম খিনি দিলোঁ।লৰাই গাখীৰ অলপ দিলোঁ।উটলি ঘন হোৱাত ক্ৰীম অলপ দি নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat