rice platter
কাঁহী ত আছে-
১/এগ কুর্মা
২/বাসন্তী পোলাও
এগ কুর্মা:কণী সিজাই অকণমান ঘি ত হালধি নিমখ নিদিয়াকৈ ভাজি উঠাই ৰাখিলো।পেন ত আকৌ অলপ ঘি দি পিয়াজ অলপ ৰঙা কৈ ভাজি উঠাই ৰাখিলো।সেই ঘি তেই ডালচিনি ইলাচি আৰু তেজ পাত দিলোঁ।ধুনীয়া গোন্ধ ওলোৱাৰ পিছত তাত মিহি কৈ পিচি লোৱা আদা নহৰু আৰু পিয়াজ দিলোঁ।কম জুইত লৰাই ভালকৈ ভাজিলোঁ।নিমখ আৰু জলকীয়া গুৰি দিলোঁ।তাৰ পিছত পিচি লোৱা অলমণ্ড(অলমণ্ড আগতে পানী ত তিয়াই বাকলি গুচাই ৰাখিছোঁ) আৰু ফেটি লোৱা দৈ দিলোঁ।লৰাই গাখীৰ অলপ দিলোঁ।পিছত কণী খিনি ভাজি ৰখা পিয়াজ খিনি আৰু ক্ৰীম অলপ দিলোঁ।ভালদৰে উটলি থুপঠোপিয়া হোৱাত নমাই ৰাখিলো।
বাসন্তী পোলাও:জহা চাউল ডেৰ কাপ 15 মিনিট পানী ত তিয়াই পিছত পানীৰ পৰা উঠাই ৰাখিলো।কেৰাহীত ঘি গৰম কৰি কাজু কিছমিছ ভাজি উঠাই ৰাখিলো।সেইখন কেৰাহিতেই আৰু অলপ ঘি দি তেজপাত ডালচিনি লং ইলাচি দিলোঁ।অলপ পিছত পিছি লোৱা আদা অলপ দিলোঁ।আটাইখিনি অলপ ভাজি চাউল খিনি দিলোঁ।নিমখ হালধি অকণমান আৰু গৰম মচলা গুৰি দিলোঁ।ভালদৰে ভাজি কাজু কিছমিছ খিনি দিলোঁ।তাৰ পিছত চাউল ৰ দুই গুণ পানী আৰু চেনি অলপ দি ঢাকোন লগাই দিলোঁ।পিছত পানী শুকাই চাউল সিজা ত নমাই থলোঁ।
Comments
Post a Comment