rice platter
১/য়েল্লো পোলাও
২/আলু ফ্ৰাই
৩/পালেং শাক দি হাঁহ কণী
বাচমতী চাউল ডেৰ কাপ 15 মিনিট মান পানী ত তিয়াই ৰাখিলো।পিছত পানী ৰ পৰা উঠাই ললোঁ।কেৰাহীত ঘি গৰম কৰি গোটা জীৰা আৰু আদা নহৰু পেষ্ট দিলোঁ।লৰাই চাউল খিনি দিলোঁ।অলপ ভাজি নিমখ হালধি আৰু গৰম মচলা গুৰি দিলোঁ।লৰাই 3 কাপ গৰম পানী দি ঢাকোন লগাই ৰাখিলো।পিছত চাউল সিজি পানী শুকাই যোৱাত গেছ অফ কৰিলোঁ।
এক মুঠি পালেং পাত,আদা নহৰু পিয়াজ জলকীয়া বিলাহী একেলগে মিক্সিত পেষ্ট কৰিলোঁ।লগত জীৰা গুৰি আৰু কাজু কেইটামান দিলোঁ।পিছত কেৰাহীত ৰিফাইন গৰম কৰি গোটা জীৰা দিলোঁ।লৰাই পালেং ৰ পেষ্ট খিনি দিলোঁ।লৰাই নিমখ হালধি আৰু জলকীয়া গুৰি দিলোঁ।ওপৰত তেল উঠি অহা লৈ ভালদৰে ভাজিলোঁ।পিছত পানী দিলো।লৰাই সিজাই ভাজি ৰখা কণী 3 টা দিলোঁ।উটলি থুপথুপিয়া হোৱাত নমাই থলোঁ।
Comments
Post a Comment