rice platter


১/পালেং পোলাও
২/পনীৰ কুৰমা
পালেং পোলাও জহা চাউল ডেৰ কাপ 15 মিনিট সময় পানী ত তিয়াই ৰাখি পিছত উঠাই ৰাখিলো।পালেং শাক দুই মুঠি আদা নহৰু দি মিক্সিত পিছি ললোঁ।কেৰাহীত ঘি দি ডালচিনি লং ইলাচি আৰু জীৰা দিলোঁ।তাৰ পিছত পালেং পেষ্ট খিনি দিলোঁ।লৰাই লৰাই ভালদৰে ভাজিলোঁ।তাৰ পিছত চাউল খিনি দিলোঁ।অলপ সময় ভাজি গৰম মচলা গুৰি আৰু নিমখ দিলোঁ।পিছত 3 কাপ গৰম পানী দি ঢাকোন লগাই ৰাখিলো।পিছত চাউল সিজা ত নমাই থলোঁ।
পনীৰ কুর্মাআদা নহৰু জলকীয়া পিয়াজ সিজাই ললোঁ।এই খিনি ঠাণ্ডা হোৱাত কাজু আৰু দৈ অলপ দি মিক্সিত পিছি ললোঁ।কেৰাহীত ঘি গৰম ডালচিনি লং ইলাচি দিলোঁ।তাৰ পিছত পিছি লোৱা পেষ্ট টো দিলোঁ।লৰাই নিমখ আৰু জলকীয়া গুৰি দিলোঁ।তাৰ পিছত গাখীৰ অকণমান দিলোঁ।লগতে পনীৰ খিনি দিলোঁ।পিছত ক্ৰীম দি লৰাই নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat