rice platter

।কাঁহী ত আছে-
১/ৰাজমা কাৰী
২/জিৰা ৰাইচ
৩/পিয়াজ
ৰাজমা কাৰী:ৰাজমা 5 ঘণ্টা মান আগত পানী ত তিয়াই ৰাখি পিছত কুকাৰত নিমখ আৰু পানী দি সিজাই ললোঁ।পিছত আদা নহৰু পিয়াজ জলকীয়া মিক্সিত পিছি ললোঁ।কেৰাহীত তেল গৰম কৰি গোটা জীৰা দিলোঁ।তাৰ পিছত পিছি লোৱা মচলা খিনি দিলোঁ।অলপ ভজা হোৱাত বিলাহী পেষ্ট দিলোঁ।লৰাই ভালদৰে ভাজিলোঁ।হালধি,জীৰা গুৰি,ধনীয়া গুৰি জলকীয়া গুৰি আৰু গৰম মচলা গুৰি দিলোঁ।ভালদৰে ভজা হোৱাৰ পিছত ৰাজমা খিনি দিলোঁ।ভালদৰে উটলি অহাত নমাই থলোঁ।
 জীৰা ৰাইছ: ডেৰ কাপ বাচমতী চাউল 15 মিনিট পানী ত তিয়াই ৰাখি পিছত পানী ৰ পৰা উঠাই ললোঁ।কেৰাহীত ঘি গৰম কৰি গোটা জীৰা দিলোঁ।অলপ পিছত চাউল খিনি দি ভাজিলোঁ অলপ সময়।তাৰ পিছত নিমখ আৰু 3 কাপ গৰম পানী দি কেৰাহীত ঢাকোন লগাই দিলোঁ।পিছত পানী শুকাই চাউল সিজা ত গেছ অফ কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat