rice platter

কাঁহী ত আছে-
১/ভাত
২/কণী ভাজি
৩/মুগ মছুৰ ডাইল
ভাত: জহা চাউল ধুই কুকাৰ ত দি পানী দি ঢাকোন লগাই চাউল খিনি সিজাই ললোঁ।
কণী ভাজি:সৰু কেৰাহীত ৰিফাইন অলপ দি কম জুইত লোকেল মুৰ্গী ৰ কণী এটা ভাঙি দিলোঁ।নিমখ অলপ ছটিয়াই দি ঢাকোন লগাই ৰাখিলো।পিছত লুটিয়াই দিলো।
মুগ মছুৰ ডাইল:মুগ আৰু মছুৰ ডাইল ধুই কুকাৰ ত সিজাই ললোঁ।পিছত কেৰাহীত তেল গৰম কৰি শুকান জলকীয়া আৰু পাছফুৰান অলপ দিলোঁ।কুকাৰ তেই নিমখ হালধি দিলোঁ।পিছত ডাইল খিনি কেৰাহীত ঢালি দিলোঁ।high flame ত ভালদৰে উতলাই নমাই থলোঁ।পিছত ধনীয়া পাত কাটি দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat