rice platter


১/গাৰলিক স্পীনাচ পোলাও
২/পনীৰ মানচুৰীয়ান
  ডেৰ কাপ বাচমতী চাউল 10 মিনিট মান পানী ত তিয়াই থৈ পিছত পানীৰ পৰা উঠাই ৰাখিলো।কেৰাহীত ঘি গৰম কৰি ডালচিনি লং ইলাচি আৰু গোটা জালুক দিলোঁ।তাৰ পিছত ৰুকি লোৱা 3 চামুচ নহৰু দিলো।অলপ ভাজি চাউল খিনি দিলোঁ।অলপ লৰাই ভাজি 4 কাপ গৰম পানী আৰু নিমখ দি ঢাকোন লগাই দিলোঁ।পিছত চাউল খিনি সিজা ত কাটি লোৱা পালেং শাক এক কাপ মান দিলোঁ।আকৌ ঢাকোন লগাই ৰাখিলো।পিছত পানী একেবাৰে শুকাই অহাত নমাই থলোঁ।
   পনীৰ কাটি লৈ তাৰ লগত মিহিকৈ পিছি লোৱা আদা নহৰু দুই চামুচ,নিমখ,অকণমান জালুক ৰ গুৰি আৰু ময়দা মিহিলাই ললোঁ।তাত অকমমন পানী দিলোঁ।পিছত পনীৰ খিনি এপিছ এপিছ কৈ দি পেন ত ভাজি উঠাই ৰাখিলো।তাৰ পিছত পেন ত আকৌ ৰিফাইন গৰম কৰি মিহিকৈ কাটি লোৱা আদা নহৰু জলকীয়া আৰু পিয়াজ দিলোঁ।অলপ ভাজি soya souce আৰু tomato souce অলপ দি লৰাই পানী অলপ দিলোঁ।লগতে নিমখ আৰু জালুকৰ গুৰি অলপ দিলোঁ।উটলি অহাত দুই চামুচ cornflour ৰ লগত ডেৰ কাপ মান পানী মিহলাই তাত ঢালি দিলোঁ।লগতে পনীৰ খিনি দিলোঁ।পিছত ভালদৰে উটলি ঘন হোৱাত নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat