Rice platter

Rice platter
১/জিৰা ৰাইচ
২/পনীৰ ফ্ৰাই
৩/গোটা মাহ আৰু ৰাজমা 
জিৰা ৰাইচ:এক কাপ বাসমতী চাউল 15 মিনিট পানী ত তিয়াই পিছত পানীৰ পৰা উঠাই ৰাখিলো।কেৰাহীত 5 চাহ চামুচ ঘি গৰম কৰি এক চামুচ জিৰা দিলোঁ।ধুনীয়া গোন্ধ এটা ওলোৱা ত চাউল খিনি দিলোঁ।লৰাই নিমখ অলপ দিলোঁ।অলপ ভাজি 2 কাপ গৰম পানী ঢালি দি ঢাকোন লগাই দিলোঁ।পিছত পানী শুকাই চাউল সিজা ত নমাই থলোঁ।
পনীৰ ফ্ৰাই:পনীৰ খিনি কাটি ললোঁ।পেন ত বাটাৰ অলপ দি পনীৰ খিনি দিলোঁ।নিমখ,জলকীয়া গুৰি আৰু pav মছলা গুৰি অলপ দিলোঁ।পিছত ভজা হোৱাত নমাই থলোঁ।
 ৰাজমা গোটা মাহ কাৰী:এক কাপ গোটা মাহ আৰু আধা কাপ ৰাজমা গোটেই ৰাতি পানী ত তিয়াই ৰাখিলো।পিছত কুকাৰ ত সিজাই ললোঁ।কেৰাহীত ঘি গৰম কৰি গোটা জিৰা আৰু পিচি লোৱা আদা নহৰু পিয়াজ জলকীয়া বিলাহী দিলোঁ।আটাইখিনি ভালদৰে ভাজি ললোঁ।নিমখ হালধি জিৰা জলকীয়া গৰম মচলা গুৰি দিলোঁ।ভজা হোৱাত ৰাজমা খিনি ঢালি দিলোঁ।ভালদৰে উটলি ঘন হোৱাত নমাই ক্ৰীম অলপ দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat