rice flour spinach roll

 #riceflour #spinach #paneer #roll
 পালেং শাক দি পানী পিঠা ৰ পনীৰ ৰোল।
  সৰু এক মুঠি পালেং শাক ৰ লগত জলকীয়া আৰু আদা দি খুব মিহিকৈ মিক্সিত পেষ্ট কৰিলোঁ।ডেৰ কাপ জহা চাউল ৰ গুৰি ৰ লগত দুই চামুচ ময়দা,নিমখ পালেং ৰ পেষ্ট খিনি আৰু জোখ মতে পানী দি পাতল ঘোল বনালো।
  পেন গৰম কৰি বাটাৰ দি তাত কাটি লোৱা নহৰু আৰু পিয়াজ অলপ দি ভাজিলোঁ।হাতেৰে গুৰি কৰি লোৱা পনীৰ এক কাপ নিমখ আৰু জালুক ৰ গুৰি দিলোঁ।অলপ ভাজি নমাই cheese ৰুকি দিলোঁ।পিছত ননষ্টিক টাৱা গৰম কৰি ঘি মচি লৈ এক হেতা ঘোল দি টাৱা খন ঘূৰাই দিলোঁ।পিছত মাজত পনীৰ খিনি দি পিঠা খন পকাই দিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat