rice flour poori
ডেৰ কাপ বৰা চাউল ৰ গুৰি,আধা কাপ চুজি,এক চিকুত হালধি,নিমখ,কাটি লোৱা ধনীয়া পাত আৰু ৰিফাইন অলপ ভালদৰে মিহলাই ললোঁ।পিছত কুমহীয়া পানী দি মাৰি ললোঁ।15 মিনিট মান তেনেকৈ ৰাখিলো।পিছত অলপ টান হোৱাত হাত ত অকণমান পানী লৈ আকৌ মাৰি ললোঁ।সৰু বল বনাই শুকান আটা ত লেটীয়াই লৈ বেলি ৰিফাইন ত ভাজিলোঁ।
কাবলি বুট সিজাই লৈ নিমখ,কেঁচা জলকীয়া,পিয়াজ,ধনীয়া পাত বিলাহী আৰু নেমু চেপি ললোঁ।
Comments
Post a Comment