rasgulla

 #blue #rasgulla
   আকৌ বনালো ৰসগোল্লা।যিহেতু অপৰাজিতা ফুল স্বাস্থ্যৰ কাৰণে উপকাৰী সেয়েহে এই ফুল ৰ ৰস দি ৰসগোল্লা কেইটা বনালো।
  প্ৰায় 25 টা মান অপৰাজিতা ফুল এক কাপ পানী ৰ লগত উটলিব দি পিছত ফুল খিনি চেপি পেলাই পানী খিনি ৰাখিলো।
  1 লিটাৰ গাখীৰ ফটাই চানা বনাই ললোঁ।চানা খিনি ভালদৰে হাতেৰে মথি লৈ সৰু সৰু বল বনালো।এক কাপ চেনী ,5 কাপ পানী লগতে ফুল ৰ পানী খিনি একেলগে চছপেন এটা ত দিলোঁ।চেনী গলি উটলিব ধৰাত চানা ৰ বল কেইটা দিলোঁ।লগতে এক চামুচ rose এচেঞ্চ দিলোঁ।ঢাকোন লগাই high flame ত ৰাখিলো 20 মিনিট।তাৰ পিছত অলপ লৰাই ঢাকোন আঁতৰাই 5 মিনিট মান ৰাখি গেছ অফ কৰিলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat