poori sabji
#jeera #beetroot #poori #capsicum #alu #sabji
ময়দা ৰ লগত নিমখ,গোটা জিৰা,ৰুকি লোৱা বীট ,ৰিফাইন অলপ মিহলাই পিছত অকণমান পানী দি মাৰি লৈ পিছত বল বনাই বেলি পুৰি কেইখন ৰিফাইন ত ভাজিলোঁ।
কেৰাহীত তেল গৰম কৰি গোটা জিৰা দি পিছত কাটি লোৱা আলু দিলোঁ।অলপ ভাজি নিমখ হালধি জিৰা ধনীয়া গুৰি দিলোঁ।লগতে কেঁচা জলকীয়া দিলোঁ।অলপ সময় ভাজি পিছত কাটি লোৱা কেপস্বীকাম দিলোঁ।লৰাই আৰু অলপ সময় ভাজিলোঁ।পিছত বিলাহী অলপ কাটি দিলোঁ।আকৌ লৰাই আদা অলপ ৰুকি দিলো।পিছত আটাইখিনি ভালদৰে সিজি অহাত ধনীয়া পাত কাটি দি নমাই থলোঁ।
Comments
Post a Comment