. mushroom malai
কাজু আৰু মগজ পানী ত তিয়াই ৰাখিলো।পিয়াজ আদা নহৰু কেঁচা জলকীয়া ডালচিনি লং ইলাচি গোটা জালুক একেলগে কুকাৰ ত অলপ সিজাই ললোঁ।এই খিনি সিজা ৰ পিছত জলকীয়া ডালচিনি লং ইলাচি খিনি আঁতৰাই পেলালোঁ।বাকী পিয়াজ আদা নহৰু জালুক এই খিনি কাজু মগজ ৰ লগত একেলগে মিক্সিত মিহি পেষ্ট বনালো।লগতে দৈ অলপ দিলোঁ।পেন ত ঘি গৰম কৰিলোঁ।তাত পিচি লোৱা পেষ্ট খিনি ঢালি দিলোঁ।লগতে মাচৰুম খিনি ও দিলোঁ।লাহে লাহে লৰাই আছোঁ।নিমখ আৰু কঁচুৰী মেথি অলপ দিলোঁ।অলপ উটলিব ধৰাত পানী অকণমান দিলোঁ।পিছত আৰু উটলি অহাত ক্ৰীম অলপ দিলোঁ।উটলি যেতিয়া তেল ওপৰলৈ বিৰিঙি আহিল নমাই থলোঁ।
Comments
Post a Comment