masala idli fry
দুই কাপ চুজি ৰ লগত এক কাপ ৰ অলপ কম দৈ ,নিমখ অকণমান আৰু পানী এক কাপ মিহলাই 20 মিনিট সময় ৰাখিলো।তাৰ পিছত আধা চামুচ চডা দি প্ৰয়োজন হোৱাত আলু অলপ পানী দি ভালদৰে মিহলাই পিছত ইডলি ষ্টেণ্ড ত দি ইডলি কেইটা বনালো।তাৰ পিছত তিনিটা বিলাহী মিক্সিত দি পেষ্ট বনালো।তিনিটা পিয়াজ আৰু কেঁচা জলকীয়া কাটি ললোঁ।কেৰাহীত ৰিফাইন আৰু বাটাৰ দি সৰিয়হ অলপ দিলোঁ।তাৰ পিছত কাটি লোৱা পিয়াজ জলকীয়া দিলোঁ।অলপ দেৰি ভাজি তাৰ পিছত বিলাহী পেষ্ট টো দিলোঁ।সম্বৰ মছলা,জলকীয়া গুৰি নিমখ আৰু ধনীয়া পাত দিলোঁ।অলপ ভাজি ইডলি কেইটা দিলোঁ।ভালদৰে ভাজি নমাই থলোঁ।
Comments
Post a Comment