kulcha
ডেৰ কাপ ময়দা ৰ লগত নিমখ,ৰিফাইন অলপ,এক চিকুত চডা,বেকিং আধা চামুচ দি ভালদৰে মিহলাই ললোঁ।পিছত দৈ দি ময়দা খিনি মাৰি 20 মিনিট মান ৰাখিলো।পিছত অলপ ডাঙৰ কৈ লাৰু বনাই বেলি এটা ফালে তিল অলপ ছটিয়াই লৈ টাৱা ত ঘি দি সেকিলো।
আলু সিজাই অলপ পিটিকি ললোঁ।কেৰাহীত তেল গৰম কৰি অলপ গোটা জিৰা দিলোঁ।পিছত কাটি লোৱা বিলাহী অলপ,কেঁচা জলকীয়া আৰু আদা অলপ দিলোঁ।এইখিনি ভজা হোৱাত নিমখ, হালধি,জিৰা ধনীয়া জলকীয়া গুৰি দিলোঁ।লৰাই আলু খিনি দিলোঁ।আকৌ লৰাই পানী দিলোঁ।পিছত থুপঠোপিয়া হোৱাত ধনীয়া পাত কাটি দি নমাই থলোঁ।
Comments
Post a Comment