kaju katli

 #kaju #barfee 
400 গ্ৰাম(কাপ হিচাপত মোৰ 4 কাপ হৈছে) কাজু মিক্সিত মিহি কৈ গুৰি কৰি ললোঁ।তাৰ পিছত ডেৰ কাপ চেনী আৰু এক কাপ পানী  পেন ত দি গেছ ত উঠাই দিলোঁ।চেনী গলি অলপ অলপ আঠা যেন হোৱাত কাজু খিনি দিলোঁ।ভালদৰে লৰাই আধা কাপ পাউদাৰ গাখীৰ আৰু দুই টেবুল চামুচ ঘি দিলোঁ।লৰাই লৰাই শুকাই অহাত আৰু এক চামুচ ঘি দিলোঁ।তাৰ পিছত পেন ৰ পৰা ধুনীয়া কৈ উঠি অহাত গেছ অফ কৰিলোঁ।অলপ ঠাণ্ডা হোৱা লৈ কেৰাহীত ৰাখিলো।মাজে মাজে লৰাই আছোঁ।তাৰ পিছত গেছ ৰ কাষত তাইলছ ত অলপ ঘি লগাই বাটাৰ পেপাৰ এখন দিলোঁ।তাত অলপ ঘি মচি লৈ কাজু খিনি দিলে।তাৰ পিছত বেলনা বাৰী ত ঘি লগাই লাহে লাহে বেলি ললোঁ।ওপৰত ছিলভাৰ লিফ দিলোঁ।ঠাণ্ডা হোৱাত কাটি ললোঁ।এই খিনি জোখ ত মোৰ আজি বৰফি 55 টা ওলাল।

Comments

Popular posts from this blog

Assamese ketli pitha

dry fruits malpoa suji halwa

Assamese jolpan