idli sambar
#idli #sambar
যোৱা কালি উত্তপাম বনোৱা ঘোল আছিল বাবে ইডলি কেইটা বনাই দিলোঁ।ঘোল ৰ ৰেচিপি একেই উত্তপাম ৰ দৰে।
বাদাম চাটনি বনাবলৈ কেঁচা বাদাম অলপ roast কৰি লৈ বাকলি গুচাই মিক্সিত নিমখ,অকণমান পানী আৰু নেমু ৰস দি পিচি ললো।পিছত পেন গৰম কৰি ৰিফাইন শুকান জলকীয়া, সৰিয়হ আৰু নৰসিংহ পাত দিলোঁ।আটাইখিনি বাদাম ৰ পেষ্ট ত ঢালি দিলোঁ।
সম্বৰ বনাবলৈ অলপ ৰহৰ ডালি ধুই লৈ কুকাৰ ত দিলোঁ।লগত পানী নিমখ,কাটি লোৱা গাজৰ অমিতা আৰু চজিনা দিলোঁ।কেৰাহীত ৰিফাইন গৰম কৰি সৰিয়হ শুকান জলকীয়া নৰসিংহ পাত কাটি লোৱা পিয়াজ বিলাহী আৰু হিং অলপ দিলোঁ।ভজা হোৱাত জলকীয়া গুৰি,আৰু সম্বৰ মচলা গুৰি দিলোঁ।লৰাই কুকাৰ ত সিজাই ৰখা ডাইল খিনি দিলোঁ।ভালদৰে উটলি অহাত নমাই থলোঁ।
Comments
Post a Comment