ghugni

 #matar #ghugni
  আজি ৰ ব্ৰেকফাষ্ট ত অকল শুকান মটৰ ৰ ঘুগণি কে বনালো।মটৰ খিনি ৰাতিয়ে পানীত তিয়াই ৰাখিলো।পিছত কুকাৰত আলু আৰু পানী ৰ সৈতে মটৰ খিনি সিজাই ললোঁ।আদা নহৰু জলকীয়া পিয়াজ বিলাহী একেলগে মিক্সিত পিচি ললোঁ।পিছত কেৰাহীত তেল গৰম কৰি গোটা জিৰা দিলোঁ।তাৰ পিছত পিচি লোৱা মচলা খিনি দিলোঁ।ভালদৰে ভাজি নিমখ হালধি জিৰা জলকীয়া ধনীয়া আৰু গৰম মচলা গুৰি দিলোঁ।ভজা হোৱাত মটৰ খিনি ঢালি দিলোঁ।উটলি ঘন হোৱাত ধনীয়া পাত কাটি দি নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat