fry idli

 #fry #idli
  খুব সহজ কিন্তু খাই ভাল লগা এবিধ ৰেচিপি।
দুই কাপ চুজি ৰ লগত এক কাপ দৈ আৰু আধা কাপ পানী নিমখ মিহলাই 20 মিনিট মান ৰাখিলো।তাৰ পিছত পেন ত ৰিফাইন গৰম কৰি সৰিয়হ আধা চামুচ,ধুই লোৱা বুট আৰু উৰাদ ডাল দুই চামুচ অলপ নৰসিংহ পাত দিলোঁ।ধুনীয়া গোন্ধ এটা ওলোৱা ত নমাই চুজি ৰ পেষ্ট টোত ঢালি দিলোঁ।লৰাই অকণমান চডা আৰু আধা কাপ মান পানী দি আটাইখিনি ভালদৰে মিহলাই ললোঁ।সৰু কেৰাহী এটা গৰম কৰি ৰিফাইন অলপ দিলোঁ আৰু হেতা দি চুজি এক হেতা দি ইডলি ৰ আকাৰ দিলোঁ।ঢাকোন লগাই কম জুইত ৰাখিলো।ধুনীয়া কৈ ফুলি অহাত লুটিয়াই আকৌ অলপ ভাজি নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat