egg korma

#egg #korma
  কণী সিজাই অকণমান ঘি ত হালধি নিমখ নিদিয়াকৈ ভাজি উঠাই ৰাখিলো।পেন ত আকৌ অলপ ঘি দি পিয়াজ অলপ ৰঙা কৈ ভাজি উঠাই ৰাখিলো।সেই ঘি তেই ডালচিনি ইলাচি আৰু তেজ পাত দিলোঁ।ধুনীয়া গোন্ধ ওলোৱাৰ পিছত তাত মিহি কৈ পিচি লোৱা আদা নহৰু আৰু পিয়াজ দিলোঁ।কম জুইত লৰাই ভালকৈ ভাজিলোঁ।নিমখ আৰু জলকীয়া গুৰি দিলোঁ।তাৰ পিছত পিচি লোৱা অলমণ্ড(অলমণ্ড আগতে পানী ত তিয়াই বাকলি গুচাই ৰাখিছোঁ) আৰু ফেটি লোৱা দৈ দিলোঁ।লৰাই গাখীৰ অলপ দিলোঁ।পিছত কণী খিনি ভাজি ৰখা পিয়াজ খিনি আৰু ক্ৰীম অলপ দিলোঁ।ভালদৰে উটলি থুপঠোপিয়া হোৱাত নমাই ৰাখিলো।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat