Assamese thali

কাঁহী খন ত আছে-
১/ভাত নেমু জলকীয়া
২/কাশকল ভাজি
৩/হাঁহ কণী ৰ দম
৪/ভেন্দি দিয়া বইল ডাইল
ভাত:চাউল ধুই কুকাৰ ত ভাত বনালো।
কাঁচকল ভাজি:কাঁচকল কাটি হালধি নিমখ দি তেল ত ভাজিলোঁ।
হাঁহ কণী ৰ দম:কণী আলু সিজাই ললোঁ।পিছত কণী ভাজি ললোঁ।আলু অলপ হাতেৰে ভাগি ললোঁ।কেৰাহীত তেল গৰম কৰি পিছি লোৱা আদা নহৰু জলকীয়া পিয়াজ দি ভাজিলোঁ।নিমখ হালধি জীৰা ধনীয়া গুৰি দিলোঁ।পিছত আলু খিনি ও দি ভাজি লৈ অলপ পানী আৰু কণী কেইটা দিলোঁ।উটলি থুপথুপিয়া হোৱাত নমাই থলোঁ।
ভেন্দি দিয়া বইল মছুৰ ডাইল:বিলাহী ভেন্দি আৰু কেঁচা জলকীয়া দি মছুৰ ডাইল সিজাই ললোঁ।নিমখ আৰু অকমমন হালধি দিলোঁ।পিছত কেঁচা মিঠা তেল অলপ দি নমাই থলোঁ।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat