Assamese thali
ভাত সাজ ত আছে-
১/ভাত জলকীয়া
২/মাটিমাহ ৰ ডাইল
৩/জিকা ৰ খাৰ
৪/মুগ ডাইল ৰ বৰ দি থেকেৰা টেঙা ৰ জোল
৫/মছুৰ ডাইল পিটিকা
৬/বিলাহী পিটিকা
৭/পটল ভাজি
৮/আলু চজিনা পাত ভাজি
মাটি মাহ ডাইল মাটি মাহ ডাইল 4 ঘণ্টা মান আগত পানী ত তিয়াও ৰাখি পিছত বাকলি যিমান খিনি পাৰি আঁতৰাই কুকাৰত সিজাই ললোঁ।আদা নহৰু থেতেলীয়াই ললোঁ।পিয়াজ কাটি ললোঁ।কেৰাহীত মিঠাতেল গৰম কৰি অকণমান পাছফুৰান,শুকান জলকীয়া কাটি লোৱা পিয়াজ জলকীয়া আদা নহৰু দি অলপ ভাজিলোঁ।হালিধি অলপ দি ডাইল খিনি দিলোঁ।পিছত নিমখ দি ভালদৰে উটলি অহাত নমাই থলোঁ।
জিকা ৰ খাৰ কেৰাহীত তেল দি কেঁচা জলকীয়া আৰু কাটি লোৱা জিকা দিলোঁ।লৰাই অলপ ভাজি নিমখ আৰু কলা খাৰ অলপ দিলোঁ।ঢাকোন লগাই সিজিব দিলোঁ।পিছত আদা অলপ ৰুকি দিলোঁ।জিকা সিজি থুপথুপিয়া হোৱাত নমাই থলোঁ।
থেকেৰা টেঙা দি মূগ ডাইল ৰ বৰ মূগ ডাইল 4 ঘণ্টা মান আগত পানী ত তিয়াই ৰাখি পিছত মিক্সিত পিছি লৈ নিমখ অলপ মিহলাই কেৰাহীত সৰু সৰু বৰ ভাজি ললোঁ।অকণমান শুকান থেকেৰা টেঙা পানী ত তিয়াই ৰাখিলো।পিছত কেৰাহী গৰম কৰি সৰিয়হ অলপ দিলোঁ।সৰিয়হ খিনি ফুটি যোৱাত মিঠা তেল দিলোঁ।শুকান জলকীয়া দিলোঁ।পিছত থেকেৰা পানী খিনি আৰু সিজাই লোৱা আলু অলপ পিটিকি দিলোঁ।নিমখ হালধি আৰু পানী দিলোঁ।উটলি অহাত বৰ কেইটা দিলোঁ।পিছত আকৌ উটলি পানী অলপ কমি যোৱাত নমাই থলোঁ।
মছুৰ ডাইল পিটিকা মছুৰ ডাইল সিজাই লৈ পিছত তেল ত ভাজি লোৱা শুকান জলকীয়া নহৰু পিয়াজ দিলোঁ।তাৰ পিছত নিমখ দি পিটিকি ললোঁ।
Comments
Post a Comment