Assamese thali
কাঁহী ত আছে-
১/ভাত
২/বিলাহী দিয়া বইল মছুৰ ডাইল
৩/বুট ৰ ডাইল পিটিকা
৪/তিতা কেৰেলা পিটিকা
৫/আলু ভাজি
৬/ভেন্দি ভাজি
৭/হাঁহ কণী বইল
ভাত:চাউল কুকাৰ ত দি ভাত কেইটা বনালো।
বইল মছুৰ ডাইল:মছুৰ ডাইল ধুই কুকাৰ ত দি বিলাহী কেঁচা জলকীয়া নিমখ হালধি অকণমান দি সিজাই ললোঁ।পিছত তাত কেঁচা মিঠাতেল অলপ দি নমাই থলোঁ।
বুট ৰ ডাইল পিটিকা: বুট ৰ ডাইল কুকাৰ ত অলপ পানী দি সিজাই ললোঁ।পিছত পানী ৰ পৰা উঠাই ৰাখিলো।নিমখ, মিঠাতেল জলকীয়া পিয়াজ আৰু ধনীয়া পাত কাটি দি পিটিকি ললোঁ।
তিতা কেৰেলা পিটিকা:তিতা কেৰেলা কুকাৰ ত সিজাই ললোঁ।পিছত জলকীয়া পিয়াজ নিমখ মিঠাতেল সানি পিটিকি ললোঁ।
আলু ভাজি:আলু কাটি ললোঁ।কেৰাহীত তেল দি শুকান জলকীয়া দি আলু খিনি দিলোঁ।নিমখ হালিধি দি ভালদৰে ভাজিলোঁ।
ভেন্দি ভাজি:ভেন্দি কাটি নিমখ হালধি দি তেল ত ভাজিলোঁ।
Comments
Post a Comment