Assamese thali
১/ভাত
২/চেঙা টেঙা দিয়া বইল মছুৰ ডাইল
৩/কেঁচা আম ৰ টক
৪/গুটি আলু ভাজি
৫/ভেদাইলতা দি হাঁহ কণী ৰ জোল
৬/কচু পাত মছুৰ ডাইল পিটিকা
৭/কণ বিলাহী দি কলা কচু ৰ জালুকীয়া
৮/জহা চাউল দি চজিনা পাত ৰ খাৰ
বহুতে কেইটা মান ৰ ৰেচিপি বিচাৰি আছে বাবে এদিত কৰি দিলোঁ।
কেঁচা আম ৰ টক বনাবলৈ আম খিনি অলপ পাতল কৈ কাটি ললোঁ।কেৰাহীত অলপ তেল দি শুকান জলকীয়া আৰু সৰিয়হ দিলোঁ।সৰিয়হ খিনি ফুটি যোৱাত আম খিনি দিলোঁ।লৰাই নিমখ হালধি আৰু জলকীয়া গুৰি দিলোঁ।কম জুইত ঢাকোন লগাই মাজে মাজে লৰাই ভাজি আছোঁ।তাৰ পিছত আম খিনি প্রায়ে সিজি অহাত জোখমতে চেনি দিলোঁ।আকৌ ঢাকোন লগাই দিলোঁ।কিছু সময় পিছত চেনি গলি আম সিজি থুপথুপিয়া হোৱাত নমাই থলোঁ।
কচু শাক পিটিকা ৰ বাবে কচু পাত আৰু অকণমান মছুৰ ডাইল একেলগে সিজাই লৈ পিছত মিঠাতেল নিমখ জলকীয়া আৰু পিয়াজ দু পিটিকি লৈছোঁ।
কচু ঠোৰ বনাবলৈ কলা কচু সৰু সৰু কৈ কাটি ললোঁ।কেৰাহীত তেল গৰম কৰি কেঁচা জলকীয়া নহৰু অলপ থেতেলীয়াই দিলো।তাৰ পিছত কচু খিনি দিলোঁ।নিমখ হালধি আৰু জালুকৰ গুৰি দি ঢাকোন লগাই মাজে মাজে লৰাই ভাজিলোঁ।পিছত বিলাহী অলপ দিলোঁ।লৰাই আকৌ ঢাকোন লগাই ৰাখিলো।পিছত বিলাহী আৰু কচু সিজি থুপথুপিয়া হোৱাত নমাই থলোঁ।
জহা চাউল আগতে অকণমান পানী ত তিয়াই ৰাখিলো।পিছত অকণমান দৰদৰিয়া কৈ পিছি লৈ এটা কেৰাহীত চাউল খিনি ৰ লগত পানী অলপ দি কেৰাহীত ঢাকোন লগাই সিজিব দিলোঁ।চাউল খিনি সিজি অহাত সজিনা পাত কেঁচা জলকীয়া নহৰু আৰু নিমখ দিলোঁ।লৰাই খাৰ অলপ দিলোঁ।মাজে মাজে লৰাই আছোঁ।পিছত কেঁচা মিঠাতেল অলপ দি নমাই থলোঁ।
Comments
Post a Comment