Assamese thali

কাঁহী খন ত আছে-
১/ভাত নেমু জলকীয়া
২/মাটি মাহ ৰ ডাইল
৩/চজিনা পাত আলু খাৰ
৪/কলা কচু বুট ৰ তৰকাৰী
৫/কচু পাত পিটিকা
৬/কলদিল পিটিকা
৭/মৰিছা শাক ভাজি
৮/পানীলাও পাত ৰ চাটনি
  
ভাত:চাউল ধুই কুকাৰ ত ভাত বনালো।
মাটি মাহ ডাইল:মাটি মাহ দাই 3 ঘণ্টা মান আগত পানীত তিয়াই ৰাখি পিছত বাকলি আঁতৰাই কুকাৰত সিজিব দিলোঁ।পিছত কেৰাহীত তেল গৰম কৰি পাছফুৰান,শুকান জলকীয়া আৰু তেজপাত দিলোঁ।লৰাই দৰদৰিয়া কৈ পিছি লোৱা আদা নহৰু জলকীয়া আৰু পিয়াজ দিলোঁ।ভালদৰে ভজা হোৱাত হালধি আৰু নিমখ দি ডাইল খিনি দিলোঁ।পিছত ভালদৰে উটলি অহাত নমাই থলোঁ।
 ছজিনা পাত আলু খাৰ:আলু সৰু কৈ কাটি লৈ ছজিনা পাত ৰ সৈতে কেৰাহীত অকণমান পানী খাৰ নিমখ জলকীয়া আৰু ৰুকি লোৱা আদা দি সিজিব দিলোঁ।পিছত আটাইখিনি সিজি থুপথুপিয়া হোৱাত কেঁচা মিঠাতেল অলপ দি নমাই থলোঁ।
 কলা কচু বুট ৰ তৰকাৰী:কাবলি বুট কেইটামান আগতে সিজাই ললোঁ।পিছত কেৰাহীত তেল গৰম কৰি শুকান জলকীয়া আৰু কাটি লোৱা পিয়াজ আৰু জলকীয়া দিলোঁ।অলপ ভাজি শুকান নাৰিকল গুৰি (কেঁচা নাৰিকল নাই বাবে শুকান দিলোঁ) দিলোঁ।লৰাই কলা কচু খিনি আৰু বুট দিলোঁ।নিমখ হালধি দি লৰাই লৰাই ভাজিলোঁ।পিছত সিজি থুপথুপিয়া হোৱাত গৰম মচলা গুৰি অলপ দি নমাই থলোঁ।
কচু পাত পিটিকা:কচু পাত ধু ই লৈ কুকাৰ ৰ সিজাই ললোঁ।পানী নিগৰাই ললোঁ।কেৰাহীত মিঠা তেল দি শুকান জলকীয়া, পিয়াজ আৰু থেতেলীয়াই লোৱা নহৰু দিলোঁ।তাৰ পিছত কচু পাত খিনি দি লৰাই নিমখ অলপ দিলোঁ।অলপ পিছত নমাই থলোঁ।
 কলদিল পিটিকা:কলদিল ৰ কোমল ভাগ খিনি ওলাই অহাত কাটি কুকাৰ ত সিজাই ললোঁ।পিছত জলকীয়া মিঠাতেল পিয়াজ নিমখ সানি ললোঁ।
 মৰিছা শাক কাটি কেঁচা জলকীয়া আদা নিমখ হালধি দি তেল ত ভাজিলোঁ।
 পানী লাও পাত ৰ চাটনি:পানী লাও ৰ কোমল পাত কাটি ললোঁ।অকণমান কালজিৰা আৰু শুকান জলকীয়া roast কৰি লৈ পাত ৰ লগত দি মিক্সিত দিলোঁ।লগতে নহৰু কেঁচা জলকীয়া আৰু কেঁচা আম অলপ দি নিমখ ও দি মিক্সিত পিছি লৈ চাটনি বনালো।

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat