Assamese thali
কাঁহী ত আছে-
১/ভাত
২/বিলাহী চাটনি
৩/মছুৰ ডাইল
৪/কণী ভাজি
৫/ঢেকীয়া শাক ভাজি
৬/মৰিছা শাক ভাজি
৭/অমিতা ৰ খাৰ
৮/কচু ৰ জালুকীয়া
৯/মৰিছা শাক ৰ ঠাৰি ৰ চৰচৰি
ভাত:চাউল কুকাৰ ত দি ভাত কেইটা বনালো।
বিলাহী চাটনি:বিলাহী মিক্সিত দি পিছি পেষ্ট বনালো।নহৰু আৰু শুকান জলকীয়া অলপ বেছি লৈ ৰিফাইন ত ভাজি উঠাই ৰাখিলো।অলপ ঠাণ্ডা হোৱাত মিক্সিত অলপ দৰদৰিয়া কৈ পিছি ললোঁ।তাৰ পিছত সেইখন কেৰাহীত তেই আৰু অলপ ৰিফাইন দিলোঁ সৰিয়হ আৰু হিং দি বিলাহী পেষ্ট টো দিলোঁ।লৰাই লৰাই ভাজিলোঁ।নিমখ,জলকীয়া গুৰি আৰু পিছি লোৱা নহৰু জলকীয়া খিনি দিলোঁ।লৰাই লৰাই ভাজি যেতিয়া তেল ওপৰত বিৰিঙি আহিল নমাই থলোঁ।
মছুৰ ডাইল:মছুৰ দিছিল ধুই কুকাৰত সিজাই ললোঁ।পিছত কেৰাহীত মিঠাতেল দি শুকান জলকীয়া আৰু পাছফুৰান দি ডাইল খিনি ঢালি দিলোঁ।নিমখ হালধি দি উটলি অহাত নমাই থলোঁ।
কণী ভাগি লৈ সৰু কেৰাহীত ত দি ভাজি ললোঁ।
ঢেকীয়া শাক:ঢেকীয়া শাক কাটি ললোঁ।কেৰাহীত তেল দি শাক খিনি দিলোঁ।নিমখ হালধি,জলকীয়া আৰু আদা ৰুকি দিলোঁ।ঢাকোন লগাই মাজে মাজে লৰাই পিছত নমাই থলোঁ।
মৰিছা শাক ভাজি:মৰিছা শাক কাটি ললোঁ।কেৰাহীত তেল দিলোঁ।কাটি লোৱা পিয়াজ জলকীয়া দিলোঁ।সাক খিনি দিলোঁ।লৰাই নিমখ হালধি আৰু আদা অলপ দিলোঁ।পিছত লৰাই লৰাই ভজা হোৱাত নমাই থলোঁ।
অমিতা ৰ খাৰ:অমিতা কাটি ললোঁ।কেৰাহীত মিঠা তেল দি অমিতা কেঁচা জলকীয়া দিলোঁ।লৰাই অকণমান খাৰ দিলোঁ।লগতে নিমখ আৰু আদা অলপ দিলোঁ।ভজা হোৱাত অকমমন পানী দিলোঁ।পিছত থুপথুপিয়া হোৱাত নমাই থলোঁ।
কচু ৰ জালুকীয়া:কচু কাটি ললোঁ।কেৰাহীত তেল দি পিয়াজ জলকীয়া আৰু কচু দিলোঁ।লৰাই অলপ সময় ভাজিলোঁ।নিমখ হালধি কণ বিলাহী অলপ আৰু জালুক ৰ গুৰি দিলোঁ।লৰাই লৰাই ভাজি যেতিয়া কচু বিলাহী সিজি থুপথুপিয়া হল নমাই থলোঁ।
Comments
Post a Comment