Assamese pani pitha spring roll


#পানিপিঠা ৰ #স্প্ৰিং #ৰোল
  নাম টো নিজে দিলোঁ।এক জহা চাউল পানীত তিয়াই পিছত অকণমান বীট আদা আৰু জলকীয়া দি মিক্সিত পেষ্ট বনালো।তাৰ পিছত আধা কাপ ময়দা আৰু পানী দি পাতল ঘোল এটা বনালো।আলু ৰুকি লৈ কণী ৰ লগত ভাজিলোঁ।তাত জালুক ৰ গুৰি আৰু নিমখ দিলোঁ।পিছত ননষ্টিক টাৱা গৰম কৰি ঘি মচি লৈ ঘোল এক হেতা দিলোঁ।টাৱা ঘূৰাই দি পিঠা খন বনালো।পিছত নমাই পিঠা খন ৰ মাজত cheese krim লগাই দি কণী আলু ৰ মিশ্ৰণ টো দি পিঠা খন দুই ফালৰ পৰা ভাঁজ লগাই দিলোঁ।হৈ গল পানী পিঠা ৰ স্প্ৰিং ৰোল😊.

Comments

Popular posts from this blog

dry fruits malpoa suji halwa

poori

lunch plat